ৰঙাচাহী মহাবিদ্যালয় সপ্তাহটো শৈক্ষিক বৰ্ষৰ আটাইতকৈ সজীৱ আৰু আগ্ৰহেৰে অপেক্ষা কৰা অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম। এইটো এটা বিশেষ সুযোগ য’ত শিক্ষাৰ্থীসকলে নিয়মীয়া পাঠদানৰ বাহিৰেও নিজৰ প্ৰতিভা, সংস্কৃতি, ক্ৰীড়া আৰু ঐক্য উদযাপন কৰিবলৈ একেলগে হয়। এই সময়ছোৱাত কলেজ চৌহদটো সজ্জা, সংগীত আৰু সকলো বিভাগৰ শিক্ষাৰ্থীৰ উৎসাহী অংশগ্ৰহণেৰে সজীৱ হৈ উঠে। এই সপ্তাহটোত বিভিন্ন কাৰ্যসূচী যেনে সাংস্কৃতিক অনুষ্ঠান, তৰ্ক প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, ক্ৰীড়া প্ৰতিযোগিতা, নাট্য প্ৰদৰ্শন, গীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এইবোৰ কাৰ্যসূচীয়ে শিক্ষাৰ্থীসকলক নিজৰ প্ৰতিভা আৰু সৃজনশীলতা প্ৰদৰ্শন কৰাৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰে। নিয়মীয়া শৈক্ষিক কাৰ্যকলাপত সুযোগ নোপোৱা বহু শিক্ষাৰ্থীয়ে মহাবিদ্যালয় সপ্তাহৰ সময়ছোৱাত নিজৰ লুকাই থকা প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। এই উদযাপনে শৈক্ষিক চাপ হ্ৰাস কৰি মন সতেজ কৰে আৰু শিক্ষাৰ্থীসকলক নতুন উদ্যমেৰে পঢ়াশুনালৈ উভতি যাবলৈ সহায় কৰে। তদুপৰি, কলেজ সপ্তাহে শিক্ষাৰ্থীসকলৰ মাজত ঐক্য আৰু বন্ধুত্ব সুদৃঢ় কৰি স্মৰণীয় স্মৃতি সৃষ্টি কৰে।
Rangachahi College, located in the Majuli district of Assam, is actively involved in the celebration of National Girl Child Day. The college has been instrumental in promoting awareness about the rights, education, health, and overall well-being of girls. They have organized various educational drives, rallies, seminars, and award functions to highlight the achievements and challenges of the girl child. The college's commitment to empowering girls is reflected in their efforts to address issues like female infanticide, gender inequality, and child marriage. They also participate in the broader national observance by organizing programs that raise public awareness about the importance of girl's promotion and the need to provide equal chances for girls to grow in every area of life.
ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় সাহিত্য চ'ৰাৰ উদ্যোগত প্ৰকাশিত বাৰ্ষিক ই-আলোচনী 'অনুৰণ' আজি উন্মোচন কৰা হয়। আলোচনীখনি উন্মোচন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা শৈক্ষিক সমন্বয়ক শ্ৰীযুত তৰুণ কুমাৰ নাথ দেৱে।
আজি ৰঙাচাহী মহাবিদ্যালয়ত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচীৰ কিছু কিয়দংশ
আন্তর্জাতিক খ্যাতিসম্পন্ন ড° অৰবিন্দ কুমাৰ চৌধুৰী ছাৰলৈ বিদায় ক্ষণত গভীৰ সন্মান আৰু শুভকামনা জনাইছোঁ। সুদূৰ বিহাৰৰ পৰা আহি, ৰঙাচাহী মহাবিদ্যালয়ত অবিৰত ৩০ টা বছৰে অৱদান আগবঢ়াই মাজুলীৰ ভাষা-সংস্কৃতিৰ লগত মিলি ছাত্র-ছাত্রীৰ জীৱন পোহৰাই তুলিলে — তাৰবাবে আমি সদাই আপোনাৰ ওচৰত ঋণী হৈ ৰ'ব। আপোনাৰ শিক্ষা আৰু আদৰ্শ সদায় আমাৰ মাজত জীয়াই থাকিব। ধন্যবাদ ছাৰ, আপোনাৰ যাত্ৰা আগলৈও সুখ-সমৃদ্ধিপূৰ্ণ হওঁক।
অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান মাজুলীৰ মধ্যমণিত অৱস্থিত ৰঙাচাহী মহাবিদ্যালয়ৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয়খনৰ লগত জড়িত ব্যক্তিসকল তথা ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনিৰ প্ৰতিষ্ঠা কালৰ বহু প্ৰত্যাহ্বান নেওচি এই জ্ঞানৰ বন্তিগছি স্থাপন কৰা মহান ব্যক্তিসকল লগতে ৰঙাচাহী মহাবিদ্যালয়ৰ সকলো শুভাকাংখীলৈ হৃদয়ৰ নিভৃত কোণৰ পৰা অকৃত্ৰিম শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ ।